Psalms 67

প্ৰধান বাদ্যকৰৰ প্রতি: তাৰযুক্ত যন্ত্ৰেৰে গাব লগীয়া গীত, সঙ্গীত।

1হে ঈশ্বৰ যিহোৱা তোমাৰ কৰুণাৰে আমাক আশীর্বাদ কৰা,
তেওঁ তেওঁৰ আচৰিত চেহেৰাৰ পোহৰ আমাৰ ওপৰত পৰিবলৈ দিয়ক।
2গোটেই পৃথিবীয়ে যেন তোমাৰ পথ জানে;
সকলো জাতিৰ মাজত যেন তোমাৰ পৰিত্ৰাণ প্ৰকাশিত হয়।

3হে ঈশ্বৰ, লোকসকলে তোমাৰ প্ৰশংসা কৰক;

সকলো লোকে তোমাৰ প্ৰশংসা কৰক।
4জাতিবোৰে উল্লাসিত হৈ আনন্দৰ গীত গাব;
এই লোকসকলৰ ন্যায়বিচাৰ তুমি ন্যায়ৰে কৰিবা,
পৃথিবীৰ জাতিবোৰক নিয়ন্ত্রণ কৰিবা। [চেলা]

5হে ঈশ্বৰ, লোকসকলে তোমাৰ প্ৰশংসা কৰক,

সমুদায় লোকে তোমাৰ প্ৰশংসা কৰক।
6পৃথিবীয়ে শ্রমৰফল উৎপন্ন কৰিলে;
ঈশ্বৰে, আমাৰ ঈশ্বৰ, আমাক আশীৰ্ব্বাদ কৰিব।

ঈশ্বৰে আমাক আশীৰ্ব্বাদ কৰিব,

আৰু পৃথিবীৰ সকলো সীমাই তেওঁলৈ ভয় ৰাখিব।
7

Copyright information for AsmULB